“ KARBI YOUTH FESTIVAL 2025 “
>> YOUR LINK HERE: ___ http://youtube.com/watch?v=8Hbb_hEhQd4
“ KARBI YOUTH FESTIVAL 2025 “ • #karbi youth festival 2025 #taralangso #diphu #rangsina sarpo #legendary musician #first mentor #karbi music #oldest ethnic festival # • বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল কাৰ্যসূচীৰ সমাহাৰেৰে উদ্ভাসিত হৈ পৰিছে তাৰালাংছ’ৰ বাকৰি । ১৫ ফেব্ৰুৱাৰীৰপৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ । আজি যুৱ মহোৎসৱৰ অন্তিমটো দিন । • ভিন্ন প্ৰান্তৰপৰা অহা শিল্পীসকলৰ লগতে পাহাৰীয়া জিলাখনৰ কাৰ্বি, কুকি, গোৰ্খা ,ৰাভা, মাৰ, ডিমাচা আদি বিভিন্ন জনগোষ্ঠীৰ স্থানীয় শিল্পীসকলৰ স্বকীয় প্ৰতিভা অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে শিল্পীসকলৰদ্বাৰা পৰিবেশিত গীত-নৃত্যৰ মাজেৰে । ইয়াৰোপৰি স্থানীয় শিল্পীসকলে প্ৰস্তুত কৰা বিভিন্নধৰণৰ বাঁহ-বেতৰ সামগ্ৰী আৰু বস্ত্ৰসম্ভাৰৰ লগতে সুস্বাদু থলুৱা খাদ্য ব্যঞ্জনেৰে সজাই তোলা বিপনীসমূহলৈ সোঁত বৈছে অগনন ৰাইজৰ । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধীনস্থ চৰকাৰী বিভাগসমূহেও ৰাইজৰ সৈতে যোগাযোগ স্থাপনৰ লগতে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰে সুন্দৰ প্ৰদৰ্শনীৰ ব্যৱস্থা । • মঙলবাৰৰ দিনটোত বতৰে কিছু বিধি – পথালি দিছিল যদিও প্ৰতিকূল বতৰেও যেন ম্লান পেলাব পৰা নাই যুৱ মহোৎসৱৰ উন্মাদনা । একপ্ৰকাৰ জনসমুদ্ৰলৈ পৰিণত হৈছে তাৰালাংছ’ৰ বাকৰি । আগবঢ়াইছো শিল্পীসকলৰদ্বাৰা পৰিবেশিত সাংষ্কৃতিক কাৰ্যসূচীৰ কিয়দাংশ ।
#############################
